অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

কটন বিশ্ববিদ্যালয়ত ২৪ ছেপ্টেম্বৰত ছাত্ৰ একতা সভাৰ নিৰ্বাচন

Spread the love

DD TIMES গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷

এই সম্পৰ্কত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়া ড° হীৰেণ ডেকাই জানিবলৈ দিয়া মতে, ইতিমধ্যেই প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ পিছত মনোনয়ন পত্ৰ পৰীক্ষণ কৰি চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ১৭ ছেপ্টেম্বৰত প্ৰকাশ কৰা হয়৷

এইবাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত সভাপতি পদত দুগৰাকী, উপ-সভাপতি পদত দুগৰাকী, সাধাৰণ সম্পাদক পদত তিনিগৰাকী, সহকাৰী সাধাৰণ সম্পাদক পদত দুগৰাকী (ছোৱালীৰ বাবে সংৰক্ষিত), আলোচনী সম্পাদক পদত তিনিগৰাকী, ছোৱালী জিৰণি কোঠাৰ সম্পাদক পদত দুগৰাকী, তৰ্ক আৰু আলোচনা চক্ৰত দুগৰাকী, সমাজসেৱা বিভাগত দুগৰাকী, সংগীত বিভাগত তিনিগৰাকী, সাংস্কৃতিক বিভাগত তিনিগৰাকী, এথ্লেটিকছ বিভাগত দুগৰাকী, ক্ৰিকেট বিভাগত দুগৰাকী, টেনিছ, সাঁতোৰ আৰু জিমনেচিয়ামত দুগৰাকী৷

আনহাতে, তিনিটা শাখা- ছাত্ৰ জিৰণি কোঠা, ফুটবল আৰু হকী তথা লঘুক্ৰীড়াত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ নিৰ্বাচনী বিষয়া ড° ডেকাই অৱগত কৰে যে ক্ৰমে, ২৩ ছেপ্টেম্বৰত মুকলি বিৰ্তক, ২৪ ছেপ্টেম্বৰত নিৰ্বাচন, ২৫ ছেপ্টেম্বৰত ভোট গণনা আৰু ফলাফল ঘোষণা কৰাৰ লগতে ২৬ ছেপ্টেম্বৰত শপতগ্ৰহণ কৰোৱা হ’ব৷

নিৰ্বাচনী বিষয়া ড° ডেকাই প্ৰতিগৰাকী কটনীয়ানক দায়বদ্ধতাৰে শৃংখলাবদ্ধভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰি সুচাৰুৰূপে অনুষ্ঠিত কৰাত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!