অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

কটন বিশ্ববিদ্যালয়ত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ আৰম্ভণি

Spread the love

গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ কটন বিশ্ববিদ্যালয়ত আজি প্ৰাক্তন কটনিয়ান ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ আৰম্ভণি উপলক্ষে ‘গীত আৰু কথাৰে’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানটি ড° হাজৰিকাৰ সংগীত, কাব্য, সুৰ আৰু সংস্কৃতিক মূল্যাঙ্কন কৰাৰ বাবে বিশ্ববিদ্যালয়ৰ বছৰি উদযাপন শৃংখলাৰ এটা অংশ হিচাপে আয়োজন কৰা হয়।

অনুষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে জনপ্ৰিয় সংগীত শিল্পী ড° শংকৰ পাটোৱাৰী। ড° পাটোৱাৰী ড° ভূপেন হাজৰিকাৰ গীত সম্পৰ্কে গৱেষণা কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।

তেওঁ ড° ভূপেন হাজৰিকাৰ সংগীতৰ জৰিয়তে সাম্য, সম্প্ৰীতি আৰু সাংস্কৃতিক একত্ৰিতকৰণৰ চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰে।

তেওঁ উল্লেখ কৰে যে ড° হাজৰিকাৰ লেখা আৰু গীতৰ অন্তৰ্নিহিত উদ্দেশ্য হৃদয়ংগম কৰিলে অসমীয়া সমাজ জীৱন উপকৃত হ’ব। নিজৰ ভাষণৰ সময়ত ড° পাটোৱাৰীয়ে ড° হাজৰিকাৰ কেইটামান গীত পৰিবেশন কৰে।

অনুষ্ঠানৰ আৰম্ভণি হয় বন্তি প্ৰজ্বলনেৰে। তাৰ পাছতে ড° হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অসম আমাৰ ৰূপহী শীৰ্ষক গীতটি পৰিৱেশন কৰা হয়।

অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই। তেওঁ ড° হাজৰিকাৰ সংগীত, সাহিত্য আৰু সমাজৰ প্ৰতি যুগান্তকাৰী অৱদানৰ কথা উল্লেখ কৰি কয় যে হাজৰিকাই শাস্ত্ৰীয় সংগীতৰ উপাদানক নিজৰ গীতত সুন্দৰভাৱে সংযোজন কৰিছিল।

ড° ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ আহ্বায়ক তথা বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ মাণ নিৰূপন কোষৰ সঞ্চালক ড° হীৰেণ ডেকাই আদৰণি ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ বীজ ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি অধ্যাপক মহেশ্বৰ কলিতাই অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক পৰিচয় গঠনত ড° ভূপেন হাজৰিকাৰ অৱদানৰ ওপৰত আলোকপাত কৰে।


বক্তৃতানুষ্ঠানৰ অন্তত বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। অনুষ্ঠানটি ড° অকুন্ঠিতা বৰঠাকুৰৰ দ্বাৰা কৃতজ্ঞতা জ্ঞাপনৰ জৰিয়তে সামৰণি মাৰে। অনুষ্ঠানটিৰ পৰিচালনাৰ দায়িত্বত আছিল ড° মুক্তিকাম হাজৰিকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!