অসমআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

কংগ্ৰেছৰ বেলি ডুব যোৱাত তেওঁলোক দিশহাৰা আৰু হতাশ হৈ পৰিছে, সভ্য সমাজৰ সীমা চেৰাই গৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Spread the love

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৫তম ‘মন কী বাত’ৰ অনুষ্ঠান গুৱাহাটী বিমানকোঠ মণ্ডলৰ ১৩৯ নং বুথত উপভোগ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মোদী ডাঙৰীয়াৰ স্বদেশী দৃষ্টিভংগী আৰু ভ’কেল ফ’ৰ ল’কেলৰ বাৰ্তাক সাৰোগত কৰি এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব লাগিবঃ সোণোৱাল

বিটিআৰত স্থায়ী শান্তি, উন্নয়ন আৰু সমন্বয় আগবঢ়াই নিয়াটো ভাৰতীয় জনতা পাৰ্টিৰ দৃঢ় সংকল্পঃ সোণোৱাল

গুৱাহাটী, ৩১ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৫তম ‘মন কী বাত’ৰ অনুষ্ঠান আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় অভিমুখী হোৱাৰ প্ৰাকক্ষণত গুৱাহাটী বিমানকোঠ মণ্ডলৰ ১৩৯নং বুথত দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে উপভোগ কৰে। ক্ৰীড়া, স্বচ্ছতা, সুশাসন ব্যৱস্থা, ৰাষ্ট্ৰীয় একতা আৰু সুৰক্ষা, কৃষি খণ্ড আৰু কৃষকসকলৰ সবলীকৰণ, জলসিঞ্চন আদিকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ আলোকপাতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰা আজিৰ ‘মন কী বাত’এ ভাৰতবাসীক এক নতুন উদ্যম আৰু উদ্দীপনা প্ৰদান কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ১২৫তম ‘মন কী বাত’ৰ অনুষ্ঠান আজি গুৱাহাটী বিমানকোঠ মণ্ডলৰ ১৩৯ নং বুথত দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে শুনি উদ্বুদ্ধ হ’লোঁ। মাননীয় মোদী ডাঙৰীয়াই আজিৰ ‘মন কী বাত’ৰ জৰিয়তে স্বদেশী দৃষ্টিভংগী আৰু ভ’কেল ফ’ৰ ল’কেলৰ বাৰ্তা প্ৰেৰণ কৰি এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত দেশবাসীক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আৰু স্বচ্ছতাক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে গঢ় দিবলৈ আহ্বান জনায়। তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰ নিৰ্মাণৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দিবলৈ আমি সকলোৱে বদ্ধপৰিকৰ হওঁ আহক।”

সোণোৱালে আজি কয়, “কংগ্ৰেছৰ শাসনকালত উগ্ৰপন্থা, হত্যা-হিংসা, বন্ধ, অপহৰণ, দুৰ্নীতি-লুণ্ঠনেৰে জৰ্জৰিত অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ সদিচ্ছা আৰু দৃঢ় পদক্ষেপৰ বাবেই শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। এই স্থায়ী শান্তি আৰু সৰ্বাংগীণ প্ৰগতিৰ বাবে বিজেপি মিত্ৰজোঁটৰ পক্ষত অভূতপূৰ্ব সঁহাৰি-সমৰ্থনেৰে সৰ্বস্তৰৰ ৰাইজে সংযুক্ত হৈছে। বাৰে বাৰে কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ পাছতো তেওঁলোকৰ ব্যাপক দুৰ্নীতিৰ ফলত ৰাইজৰ ওচৰলৈ কল্যাণমূলক আঁচনিৰ লাভালাভ যোৱা নাছিল। কংগ্ৰেছে জনসাধাৰণৰ জীৱনৰ মানৰ সৈতে আপোচ কৰিছিল।

কংগ্ৰেছৰ শাসনকালত চলি থকা ব্যাপক দুৰ্নীতি আঁতৰ কৰাৰ বাবে মোদী ডাঙৰীয়াই জন ধন যোজনাৰ অধীনত চাহ বাগিচা অঞ্চলৰ লোকসকলৰ বাবে বেংক একাউণ্টৰ ব্যৱস্থা কৰিছিল, যাতে সকলো আঁচনিৰ ধন মধ্যভোগীয়ে পাব নোৱাৰাকৈ হিতাধিকাৰীয়ে লাভ কৰে। মোদী চৰকাৰৰ বিগত এই ১১ বছৰত ২৫ কোটিতকৈও অধিক ভাৰতীয়ক দৰিদ্ৰতাৰ কৱলৰ পৰা উদ্ধাৰ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। কংগ্ৰেছৰ শাসনকালত এয়া কল্পনাৰো অগোচৰ আছিল, যিয়ে কোনোধৰণৰ পৰিৱৰ্তনকামী পদক্ষেপ অবিহনে কেৱল গৰীবী হাটাও শ্ল’গানহে দি আছিল। মোদী চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে নগৰীয়া অঞ্চলৰ সমানেই গাঁও অঞ্চলৰ জনগণে প্ৰগতিৰ এক নতুন যুগৰ সাক্ষী হৈছে। বিগত ১১ বছৰত মোদীজীয়ে কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত দৰিদ্ৰ শ্ৰেণী, মহিলাসকলৰ লগতে কৃষকসকল আৰু যুৱচামৰ বিশেষ কল্যাণ সাধন হৈছে। আমি জনসাধাৰণৰ কল্যাণৰ এই যাত্ৰা শক্তিশালী ৰূপত আগুৱাই নিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।”

এই সময়ছোৱাত লগতে উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, ১৩৯নং বুথৰ সভাপতি বিপুল দাস প্ৰমুখ্যে দলীয় সতীৰ্থসকল।

শেহতীয়াভাৱে কংগ্ৰেছ আৰু সহযোগী দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃক লৈ কৰা অশ্লীল মন্তব্যক তীব্ৰ গৰিহণা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত পূজনীয়া মাতৃৰ বিৰুদ্ধে কংগ্ৰেছৰ পৃষ্ঠপোষকতাত শেহতীয়াকৈ যি অশ্লীল মন্তব্য কৰা হৈছে, তাৰ জৰিয়তে কংগ্ৰেছৰ প্ৰকৃত চৰিত্ৰ স্পষ্ট হৈ পৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক উত্থানত তেওঁলোকে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। এতিয়া কংগ্ৰেছৰ অভিধানত শালীনতাবোধ, শৃংখলাবদ্ধতা এইবোৰ শব্দৰ কোনো গুৰুত্ব নাই। তেওঁলোকৰ বেলি ডুব যোৱাত আৰু নিৰন্তৰভাৱে বিফল হোৱাত দিশহাৰা আৰু হতাশ হৈ পৰিছে আৰু সভ্য সমাজৰ সীমা চেৰাই গৈছে। সভ্য সমাজে কংগ্ৰেছক তীব্ৰ নিন্দা কৰিছে। কংগ্ৰেছৰ এই অশালীন আচৰণক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ।

কংগ্ৰেছে এতিয়া আৰু পোনাবা নোৱাৰে। তেওঁলোকৰ মাজত কোনো মূল্যবোধৰ ৰাজনীতি নাই। কংগ্ৰেছে ৫৫ বছৰে শাসনত থকাৰ সময়ত দেশবাসীক যি অত্যাচাৰ কৰিলে, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, লুণ্ঠন, একনায়কত্ববাদ, স্বৈৰাচাৰিতা চলালে, তাৰ বাবে তেওঁলোকক ৰাইজে শাস্তি দিছে। কংগ্ৰেছক মনৰ পৰা বিদায় দি এতিয়া সৰ্বস্তৰৰ ৰাইজে বিজেপিক আঁকোৱালি লৈছে।”

আনহাতে, আগন্তুক বি টি চি নিৰ্বাচন সন্দৰ্ভত সোণোৱালে কয়, “বি টি আৰ-ত স্থায়ী শান্তি, উন্নয়ন আৰু সমন্বয় আগবঢ়াই নিয়াটো ভাৰতীয় জনতা পাৰ্টিৰ দৃঢ় সংকল্প। ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত এই নিৰ্বাচনত সৰ্বস্তৰৰ জনগণে ভাল ফলাফল দিব বুলি আমি আশাবাদী। কাৰণ বিগত দশকত বি টি আৰ-ত যি অভূতপূৰ্ব উন্নয়ন, সমৃদ্ধি আৰু শান্তিৰ বাতাবৰণ গঢ় লৈ উঠিছে, সেয়া পূৰ্বে অকল্পনীয় আছিল।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!