এইচ বি দিব্যাক্ষী চৌধুৰীলৈ ‘চোতালৰ পখিলা’ৰ ‘ডাঃ দিগন্ত কুমাৰ দাস স্মৃতি উদীয়মান শিশু সাহিত্য বঁটা’
নৱেম্বৰত গুৱাহাটীত ‘চোতালৰ পখিলা’ৰ বৰ্ষপূৰ্তি অনুষ্ঠান
DD TIMES গুৱাহাটী, ১২ ছেপ্টেম্বৰঃ ২০২৫ বৰ্ষৰ ‘চোতালৰ পখিলা’ ডাঃ দিগন্ত কুমাৰ দাস স্মৃতি উদীয়মান শিশু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হৈছে এইচ্ বি দিব্যাক্ষী চৌধুৰী।

হিমাংশু চৌধুৰী আৰু বৰ্ণালী চৌধুৰীৰ কন্যা দিব্যাক্ষী দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী।
তেওঁ লিখা পদ্য, গল্প আৰু প্ৰবন্ধ অসমৰ বিভিন্ন বাতৰি কাকতৰ লগতে শিশু আলোচনীবোৰতো প্ৰকাশ পাই আহিছে। তেওঁ সংগীত সাধনাও কৰি আছে। দিব্যাক্ষীলৈ ‘চোতালৰ পখিলা’ৰ পৰা অভিনন্দন জনালোঁ।

২ নৱেম্বৰত গুৱাহাটীত হ’বলগীয়া ‘চোতালৰ পখিলা’ৰ পঞ্চম বাৰ্ষিক বৰ্ষপূৰ্তি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। বুলি ‘চোতালৰ পখিলা’ৰ সম্পাদক যুগললোচন দাসে জনাইছে৷

