উদুলি-মুদুলি পৰিৱেশত গুৰুজনাক স্মৰণ
মাধৱ বন্দনাৰে মুখৰিত নগাঁৱৰ বিভিন্ন সত্ৰ-নামঘৰ
DD TIMES
নগাঁও, ১২ ছেপ্টেম্বৰঃ শ্ৰীমন্ত শংকৰ/হৰিভকতৰ/ জানাযেন কল্পতৰু/তাহান্ত বিনাই/ নাহি নাহি নাহি / আমাৰ পৰম গুৰু/ অসমীয়া জাতিৰ স্বাভিমান, প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ ৪২৯সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি নগাঁৱত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয়।

মাধৱ বন্দনাৰে মুখৰিত হৈ পৰে সমগ্র নগাঁও জিলা। আজি পুৱাৰে পৰা জিলাখনৰ নামঘৰ-সত্ৰ আদিত ভকত-বৈষ্ণৱ আদিয়ে ভীৰ কৰি এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে।
ভকত বৈষ্ণৱৰ উপস্থিতিত জিলাখনৰ সত্ৰ-নামঘৰ আদিত উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়।

জিলাখনৰ প্ৰতিটো নামঘৰ-সত্ৰ আদিত মহাপুৰুষ মাধৱদেৱৰ বন্দনাৰে মুখৰিত হৈ পৰে। মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আজি সমগ্ৰ জিলাখনত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি পাটেকীবৰী থানত পৰম্পৰা অনুযায়ী মাধৱদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হয়।

একেদৰে কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰ চামধৰা নামঘৰত এক উৎসৱ মুখৰ পৰিবেশত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়৷ পুৱাৰ পৰাই নামঘৰ-সত্ৰত ভকত বৈষ্ণৱ, আই মাতৃৰ হৰিনামৰ ধ্বনিৰে উজ্বিৱীত হৈ পৰে সমগ্ৰ জিলাখন। খোল-তাল, নাগাৰা, ডবাৰ শব্দত ৰজনজনাই উঠে সত্ৰ-নামঘৰ।

জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানতো মাধৱদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হয়। ঠায়ে ঠায়ে ধৰ্মালোচনী সভা অনুষ্ঠিত হোৱাৰ লগতে অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়।
জিলাখনৰ বেবেজীয়াৰ সমীপৰ পূৱ-জামুগুৰিৰ হাতীচোঙ নামঘৰ, ফালেঙীচুক নামঘৰ, মধ্য জামুগুৰিৰ বুঢ়া নামঘৰ, বৰজামুগুৰি, দক্ষিণপাট, বৰজহা, বিৰহ বেবেজীয়া, শেনচোৱা, কৃষ্ণাইখাট, হাতীচোং মৌজা দেওধৰ, জলাহ, ননৈ, তুলসীমুখ আৰু নগাঁও চহৰকে ধৰি জিলাখনৰ সকলো স্থানতে মাধৱদেৱৰ তিৰোভাৱ তিথি উদয়াপন কৰা হয়।