অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা এক্সপ্ৰেছ ৰে’লৰ বাবে নতুন ষ্টপেজ প্ৰৱৰ্তন

Spread the love


মালিগাঁও, ৭ ছেপ্টেম্বৰ, ২০২৫ঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীৰ সা-সুবিধাসমূহ বৃদ্ধি কৰাৰ লগতে আঞ্চলিক সংযোগৰ উন্নতকৰণ আৰু ভ্ৰমণ অধিক আৰামদায়ক কৰিবলৈ কাটিহাৰ মণ্ডলৰ অধীনত চলি থকা চাৰিখন বিশেষ ৰে’লৰ নতুন ষ্টপেজ প্ৰৱৰ্তন কৰিছে।


৫ ছেপ্টেম্বৰ, ২০২৫ৰ পৰা কাৰ্যকৰী হোৱাকৈ, ৰে’ল নং ১৩১৪১/১৩১৪২ (শিয়ালদহ – নিউ আলিপুৰদুৱাৰ – শিয়ালদহ) তিস্তা তোৰ্চা এক্সপ্ৰেছৰ বাবে কানকি ষ্টেচনত নতুন ষ্টপেজ প্ৰদান কৰা হৈছে।

এই উপলক্ষ্যে উদ্বোধনী হল্টটো মাননীয় সাংসদ সদস্য কাৰ্তিক চন্দ্ৰ পালৰ লগতে জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু স্থানীয় গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় ৬ ছেপ্টেম্বৰ, ২০২৫ৰ পৰা, ৰেল নং ১৩১৪৫/১৩১৪৬ (কলকাতা – ৰাধিকাপুৰ – কলকাতা) এক্সপ্ৰেছ আৰু ৰেল নং ১৩০৫৩/১৩০৫৪ (হাওড়া – ৰাধিকাপুৰ – হাওড়া) কুলিক এক্সপ্ৰেছৰ বাবে আজমনগৰ ৰোড ষ্টেচনত ষ্টপেজ প্ৰদান কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানটো সাংসদ সদস্য তাৰিক আনোৱাৰৰ আৰু বিধায়িকা নিশা সিংহৰ লগতে জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু স্থানীয় গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰে।


কানকি আৰু আজমনগৰ ৰোড এই নতুন ষ্টপেজসমূহে বিহাৰ আৰু পশ্চিম বংগৰ বহুসংখ্যক যাত্ৰীক উপকৃত কৰাৰ লগতে আঞ্চলিক সংযোগ শক্তিশালী কৰি স্থানীয় আশা আকাংক্ষাক পূৰণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!