ইতিহাস গঢ়ি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
ফাইনেলত বেতকুছি হাইস্কুলৰ সন্মুখত বিধ্বস্ত বংগ
DD TIMES গুৱাহাটীঃ অসমৰ ক্ৰীড়া ইতিহাসত গৌৰৱৰ সোণালী সাফল্য লিপিবদ্ধ কৰি গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে ৬৪ সংখ্যক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে৷

ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত ফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ বংগৰ দলটোক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে৷

উল্লেখ্য যে এয়া অসমৰ ছোৱালী দলৰ পোনপ্ৰথমবাৰৰ বাবে ঐতিহাসিক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়ৰ সফলতা৷
ইয়াৰপূৰ্বে ২০১৪ চনত অসমে পোনপ্ৰথমবাৰৰ বাবে ফাইনেল খেলিছিল যদিও ৰানাৰ্ছআপ হৈছিল৷ কিন্তু গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ ছোৱালী দলে প্ৰথমবাৰৰ বাবে ফাইনেল খেলিয়েই চেম্পিয়ন ট্ৰফী জয় কৰি ইতিহাস গঢ়িবলৈ সক্ষম হ’ল৷

নতুন দিল্লীৰ ড॰ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনৰ ৬০ মিনিটৰ অসমৰ নিয়ন্ত্ৰণত থকা ফাইনেল মেচখনত চাৰিওটা গলে প্ৰথমাৰ্ধৰ ৩০ মিনিটত হয়৷
মেচত প্ৰথমে অগ্ৰগতি লয় বেতকুছি হাইস্কুলে৷ খেলৰ ১২ মিনিটত ছায়াশ্ৰীয়ে প্ৰথমটো গল কৰি অসমক অগ্ৰগতি দিয়ে৷ কিন্তু বংগক প্ৰতিনিধিত্ব কৰা নন্দঝাৰ আদিবাসী টাপাচিলি হাইস্কুলে ২১ মিনিটত নেহাৰ গলেৰে মেচত সমতা স্থাপন কৰিবলৈ সক্ষম হয়৷

২৪ মিনিটত অসমৰ মিলিনা ব্ৰহ্মই দ্বিতীয়টো গল কৰি পুনৰ অগ্ৰগতি লয়৷ আনহাতে, ২৯ মিনিটত মেৰী মেচে গল কৰি বিৰতিলৈ বেতকুছিক দৃঢ় স্থিতিত ৰাখে৷
দ্বিতীয়াৰ্ধত বংগই গল কৰাৰ চেষ্টা কৰে যদিও অসমৰ ৰক্ষণ বিভাগৰ দৃঢ়তাপূৰ্ণ খেলৰ বাবে সকলো চেষ্টা ব্যৰ্থ হয়৷ ইতিহাস গঢ়ে অসমে৷
উল্লেখ্য যে প্ৰতিযোগিতাত অসমে ছখন মেচত মুঠ ৩১ টা গল কৰি আন এক অভিলেখ গঢ়িছে৷ বেতকুছি হাইস্কুলৰ ছাত্ৰীৰ দলটোৱে ছেমিফাইনেলত কেৰেলাক চ্ছ্ৰ-ৰ গলৰ ব্যৱধানত বিধ্বস্ত কৰি খিতাপৰ মহাৰণলৈ অগ্ৰসৰ হৈছিল৷
আনহাতে, কোৱাৰ্টাৰ ফাইনেলত ৬-ঙ্ম গলৰ ব্যৱধানত পৰাস্ত কৰিছিল গোৱাৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰছেকেণ্ডাৰী স্কুলক৷ গ্ৰুপ মেচত অসমৰ কন্যাৰ দলে শ্ৰীলংকা ফুটবল ফেডাৰেছনৰ জুনিয়ৰ ছোৱালী দলটোক ৬-ঙ্ম গলৰ ব্যৱধানত হৰুৱাই সকলোকে চমক দিয়াৰ পূৰ্বে লাক্ষাদ্বীপক ১১-ঙ্ম ত বিধ্বস্ত কৰিছিল তথা চত্তিছগঢ়ৰ লগত ২-২ ত ড্ৰ খেলিছিল৷
অসমৰ মেৰী মেচে প্ৰতিযোগিতাত দুখন মেচত হেট্ৰিক অৰ্জন কৰে৷ যোৱা চাৰিখন মেচত মেৰীয়ে নটা গল কৰিছে৷ বেতকুছিৰ মিলিনা ব্ৰহ্ময়ো এটা হেট্ৰিক কৰিবলৈ সক্ষম হয়৷