অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ইউপিপিএলৰ দুৰ্গত নিচান উৰুৱাবলৈ কঁকালত টঙালি বান্ধিছে বিজেপি

Spread the love

শক্তি বৃদ্ধি পাই অপ্ৰতিৰোধী হৈ পৰিছে বিজেপি প্ৰাৰ্থী জৌশ্ৰাং বড়ো

প্ৰতিদিনেই ইউপিপিএলকে ধৰি বিভিন্ন দলৰ বহু লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে

DD TIMES পানেৰী, ১৬ ছেপ্টেম্বৰঃ বিটিচিত আগ্ৰহী ৰূপ লৈছে ভাৰতীয় জনতা পাৰ্টিয়ে। যিকোনো প্ৰকাৰে বিটিচি দখল কৰিব লাগে বিজেপিয়ে। আৰু মাত্ৰ কেইটামান দিন বাকী থকা মুহূৰ্তত নিৰ্বাচনী যুঁজত দলে বলে হাই প্ৰফাইল নেতা সহ প্ৰচাৰ অভিযানত নামি পৰি নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা।

জিলাৰ বিশেষকৈ ভেৰগাওঁ পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে ইউ পি পি এলৰ দখলত থকা সমষ্টিটো উদ্ধাৰ কৰিবলৈ সম্পূৰ্ণ ককালত টঙালি বান্ধি নিৰ্বাচনী যুজত নামি পৰিছে। সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জনপ্ৰিয় যুৱ নেতা সমাজকৰ্মী।

এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক ৰূপে পৰিচিত জৌশ্ৰাং বড়োই দীৰ্ঘদিন ধৰি সমাজ জীৱনৰ সৈতে জড়িত হৈ মানুহৰ মাজত থাকি মানুহৰ কাম কৰি অহাই নহয় সুখ দুখৰ সমভাগি হৈ আহিছে।

সমষ্টিটোত এনে এগৰাকী শক্তিশালী প্ৰাৰ্থী পাই মানুহৰ লগতে ভোটাৰসকল অধিক উৎসাহিত হোৱা দেখা গৈছে। শক্তিশালী কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীৰ ভেটি। মনোবল বৃদ্ধি কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী জৌশ্ৰাং বড়োৰ।

ইউ পি পি এলৰ দখলত থকা ভেৰগাওঁ পৰিষদীয় সমষ্টিত ইউ পি পি এলক উৎখাত কৰি ভাৰতীয় জনতা পাৰ্টীৰ দললৈ আনিবলৈ দিনে নিশাই সাংগঠনিক কামত নামি জনসাধাৰণৰ মন জয় কৰি গেৰুৱাকৰণ কৰি অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টী।

দলৰ কৰ্মীসকলক অধিক মনোবল গঢ়ি তুলি শক্তিশালী ৰূপত সাংগঠনিক ভেটি গঢ়ি তুলি এক প্ৰকাৰ ভেটি কটাবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জৌশ্ৰাং বড়োৰ প্ৰতি আকৃষ্ট হৈ ইউ পি পি এলৰ লগতে আন আন দল সংগঠনৰ পৰা ২০০ গৰাকীতকৈও অধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি গেৰুৱা বসন পিন্দে।

আনহাতে দৈনিক জৌশ্ৰাং বড়োৰ বাসগৃহত পুৰুষ -মহিলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি সাংগঠনিক ভেটি শক্তিশালী কৰাই নহয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী গৰাকীৰ এশ শতাংশই বিজয় নিশ্চিত কৰাৰ এক ইংগিত বহন কৰিছে।

ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা নৱাগত দলৰ কৰ্মী সকলক জৌশ্ৰাং বড়োই আদৰণি জনায় আৰু দলৰ কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়।

ইউ পি পি এলৰ দখলত থকা সমষ্টিটো কাৰ্যবাহী সদস্য ডাউবাইছা বড়োৰ নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাই বহুলোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা কাৰ্যই এক প্ৰকাৰ জৌশ্ৰাং বড়োৰ বিজয় নিশ্চিত বহন কৰিছে।

১১ ছেপ্টেম্বৰত ভেৰগাওঁ পৰিষদীয় সমষ্টিত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জৌশ্ৰাং বড়োৰ হৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰৱল বৰষুণকো নেওচি হাজাৰ হাজাৰ সমৰ্থক হিলদোল ভাঙি ওলাই আহি নিৰ্বাচনী সভাত অংশগ্ৰহন কৰা দিশটো আছিল অতি ইতিবাচক।

যাৰ ফলত মানুহৰ বৰষুণ দেখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জৌশ্ৰাং বড়োৰ বিজয় এশ শতাংশই নিশ্চিত বুলি দাবী কৰিছিল। ইয়াৰ বাবে মাথোঁ অপেক্ষা কৰিব লাগিব ২২ ছেপ্তেম্বৰলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!