আৰ জি বৰুৱা ১৬ বছৰ অনুৰ্ধ আন্তঃ জিলা ক্ৰিকেটত সভাপতি একাদশ বিজয়ী
DD TIMES: বোকাখাতক ইনিংছ আৰু ৪৯ ৰানেৰে পৰাস্ত কৰি আৰ জি বৰুৱা ১৬ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটত এচিএ সভাপতি একাদশ চেম্পিয়ন হৈছে।
ৰোমাঞ্চকৰ ফাইনেলত বোকাখাতে টছত জয়লাভেৰে পোনতে বেট ধৰি বোকাখাতে ৩৬.২ অভাৰত ৭১ ৰান সংগ্ৰহ কৰে। ঈশানে ১৬টা বলত ১৫ ৰান কৰি অপৰাজিত থকাৰ বিপৰীতে সভাপতি একাদশৰ হৈ অনিকেত সিঙে ১৫ ৰান আৰু প্ৰনীত পাগাৰিয়াই ২৫ ৰান দি চাৰিটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত সভাপতি একাদশে ৪১.১ অভাৰত ১৪২ ৰান সংগ্ৰহেৰে প্ৰথম ইনিংছত গুৰুত্বপূৰ্ণ অগ্ৰগতি নিশ্চিত কৰে। ৰেয়ান নন্দীয়ে ৪৭ টা বলত ২৭, অনীক দাসে ৪২ বলত ২৬ আৰু মৃণ্ময় দাসে ৩৬ বলত ২৩ ৰান কৰে।
বোকাখাতৰ হৈ বলিঙত জিলিকে নীৰজ ওৰাং (৫/২৮) আৰু দিগ্বিজয় এন চেত্ৰী (৪/৪৬)। পিছে দ্বিতীয় ইনিংছত বোকাখাতৰ বিপৰ্যয় ঘটে আৰু সংগ্ৰামৰ মূৰকত ১১ অভাৰত মাত্ৰ ২২ ৰানে অল আউট হয়। সভাপতি একাদশৰ হৈ অনিকেত সিঙে পুনৰবাৰ বলিঙত জিলিকি উঠি, মাত্ৰ ৫ ৰানতে ৫টা উইকেট দখল কৰে।
সংক্ষিপ্ত স্ক’ৰঃ বোকাখাত প্ৰথম ইনিংছঃ৩৬.২ অভাৰত ৭১ ( ঈশান নট আউট ১৫, দিগ্বিজয় এন চেত্ৰী ১১; অনিকেত সিং (৪/১৫) আৰু প্ৰনীত পাগৰিয়া (৪/২৫)।
সভাপতি একাদশ প্ৰথম ইনিংছঃ ৪১.১ অভাৰত ১৪২(ৰেয়ান নন্দী ২৭, অনীক দাস ২৬,মৃণ্ময় দাস ২৩; নীৰজ ওৰাং ৫/২৮ আৰু দিগ্বিজয় এন চেত্ৰী ৪/৪৬)৷
বোকাখাত দ্বিতীয় ইনিংছঃ ১১ অভাৰত ২২ ৰান (জ্ঞানম চৰ্চিত শইকীয়া ৯; অনিকেত সিং ৫/৫, নিট্ৰিক ৰাজ গগৈ ২/১)
ব্যক্তিগত বঁটা বিজয়ীসকলঃ
ফাইনেলৰৰ শ্ৰেষ্ঠ খেলুৱৈঃ অনিকেত সিং (মেচখনত মুঠ ৯টা উইকেট লাভ (সভাপতি একাদশ),প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰঃ অনিকেত সিং (মুঠ ১০টা ইনিংছত ৩৬ উইকেট (সভাপতি একাদশ) ,প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটছমেনঃ মৃণ্ময় দাস (মুঠ নটা ইনিংছত ৩২৯ ৰান (সভাপতি একাদশ) আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ নীৰজ ওৰাং (২৩৯ ৰান আৰু ৩৬ উইকেট (বোকাখাত)৷
এচিএৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিব কোঁৱৰে অসম ক্ৰিকেট সন্থাৰ হৈ বিজয়ী সভাপতি একাদশ আৰু ৰানাৰ্ছ আপ বোকাখাত দললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিযোগিতাখনক উজ্বলাই তোলা ব্যক্তিগত প্ৰদৰ্শনবোৰক ভূয়সী প্ৰশংসা কৰি উদীয়মান ক্ৰিকেট প্ৰতিভাক লালন-পালন কৰা আৰু অসম ক্ৰিকেটৰ ভেটি সুদৃঢ় কৰাত এনেধৰণৰ প্ৰতিযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি জোৰ দিয়ে৷
পুৰস্কাৰ বিতৰণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি মনোৰঞ্জন তালুকদাৰ, বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা (এ পি এছ), এ চি এৰ এপেক্স কাউন্সিলৰ সদস্য মিনু বেগমকে ধৰি জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু আন বিশিষ্ট অতিথি সকল উপস্থিত থাকে৷
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ৷

