অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

আশীৰ দশকৰ এখন অটব্য অৰণ্যৰ কথা

Spread the love

দিনতে বনৰীয়া জীৱই বিচৰণ কৰা উদমাৰী বনাঞ্চল কেনেকৈ নিঃশেষ হ’ল!

চলিছে বন বিভাগৰ তৰপে তৰপে জৰীপ

DD TIMES ডবকা, ১০ ছেপ্টেম্বৰঃ আশীৰ দশকত এখন অটব্য অৰণ্য আছিল৷ দিনত বাঘ, ভালুক, হাতী দেখিছিল ৰাইজে৷ শাল, চেগুণকে ধৰি বিভিন্ন বন্য গছেৰে ভৰপুৰ এখন অৰণ্য চকুৰ পচাৰতে জন অৰণ্যত পৰিণত হ’ল৷

Oplus_131072

এই জীয়া কাহিনী হল ডবকাৰ উদমাৰী, পূৱ যমুনা গাওঁ, মৌডংগা নিগম বনাঞ্চলৰ কথা৷ উদমাৰীত বাঘ ওলোৱা অনেক কাহিনী আছে৷ বাঘে কামুৰা মানুহ আছে৷

অথচ সেইখন উদমাৰীৰ বনাঞ্চল সম্পূৰ্ণ তহিলং হৈ এতিয়া মানুহৰ বসতি গঢ় লৈ উঠিছে৷

বন বিভাগৰ উদাসীনতা, ৰাজনৈতিক পৃষ্ঠপোষকতাত নব্বৈৰ দশকত বনাঞ্চল চাফা হৈ জনাঞ্চললৈ পৰ্যবসিত হয়৷ দিনতে বনৰীয়া জীৱ-জন্তুৱে বিচৰণ কৰি থকা উদমাৰীত এতিয়া নাই বনাঞ্চলৰ এক শতাংশও অৱশেষ৷

উদমাৰীত কেইবা হাজাৰ বিঘা বনাঞ্চলৰ ভূমিত গঢ় লৈ উঠিছে এখন গাওঁ৷ ৰাজ্যৰ চৌদিশে বনাঞ্চলৰ ভূমিত চলি থকা উচ্চেদৰ সময়ত প্ৰশ্ন হয়, ডবকাৰ উদমাৰীতো হ’বনে প্ৰশাসনৰ উচ্চেদ?

বাতৰি অনুসৰি বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত ডবকাৰ উদমাৰী, যমুনা-মৌডঙা সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত বন বিভাগে ব্যাপক জৰীপ আৰম্ভ কৰিছে৷ বন বিভাগৰ শীৰ্ষ মহলৰ নিৰ্দেশ অনুযায়ী ডবকা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি বৃহৎ দলে ঘৰে ঘৰে গৈ জৰীপ লোৱা পৰিলক্ষিত হৈছে।

সংৰক্ষিত বনাঞ্চলখনৰ উদমাৰী, পুৱ যমুনাগাঁও, পশ্চিম যমুনাগাঁও আৰু নিগমৰ এটি অঞ্চলত চলোৱা হৈ আছে জৰীপ৷ এই জৰীপৰ সময়ত কোনে কিমান ভূমি বেদখল কৰিছে, পৰিয়ালৰ সদস্য সংখ্যা কিমান, আদিৰ হিচাপ লৈছে বিভাগটোৱে৷

অঞ্চলটোত কিমান চৰকাৰী অনুষ্ঠান গঢ় লৈ উঠিছে, তাৰো হিচাপ লৈছে এই টীমটোৱে৷ উল্লেখ্য যে যমুনা-মৌডঙা সংৰক্ষিত বনাঞ্চলত সহস্ৰাধিক বিঘা ভূমি বেদখলকৰি প্ৰায় ৬ শতাধিক পৰিয়ালে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি বছৰ বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰি আছে৷

চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সুবিধাও প্ৰদান কৰা হৈছে এইসকল লোকক৷ বিদ্যুৎ, স্কুল, অংগনৱাড়ী কেন্দ্ৰৰ লগতে পানী যোগান আঁচনিও আছে বনাঞ্চলৰ ভূমিত৷ ৰাজ্যত চলি থকা উচ্ছেদৰ সময়ত বন বিভাগৰ এই জৰীপে বিশেষ তাৎপৰ্য বহন কৰিছে৷

যিকোনো সময়ত সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত ভূমিত চলিব পাৰে প্ৰশাসনৰ বলডোজাৰ৷ অৱশ্যে বন বিভাগে ইয়াক নিয়মমাফিক জৰীপ বুলি উল্লেখ কৰিলেও সাধাৰণ লোকৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!