অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

আন্তৰ্জাতিক শগুন সজাগতা দিৱস

Spread the love

লিখিছে মানস প্ৰতিম দত্তই

আজি আন্তৰ্জাতিক শগুন সজাগতা দিৱস। প্ৰতি বছৰে ছেপ্তেম্বৰ মাহৰ প্ৰথমটো শনিবাৰে এই দিৱস উদযাপন কৰা হয়।


মহাকাব্য ৰামায়ণৰ পাতৰ পৰাই পৰিচিত শগুন সম্প্ৰতি বিলুপ্তিপ্ৰায় জীৱ হিচাপে পৰিগণিত হৈছে। মহাকবি বাল্মিকীৰ কাব্যগ্ৰন্থ ৰামায়ণত উল্লেখ থকামতে ৰাৱনে লংকালৈ সীতাক হৰণ কৰি নিয়াৰ পাছত সীতাক উদ্ধাৰৰ নিমিত্তে বান্দৰ সেনাই সন্ধান চলায়ো কোনোধৰণৰ উৱাদিহ লাভ নকৰাত নিৰাশ হৈ পৰিছিল। তেতিয়াই সম্পাতি নামৰ এটা বুঢ়া শগুনে সীতাক বন্দী কৰি থোৱা স্থানৰ সম্ভেদ দি সহায় কৰিছিল। সম্পাতি আছিল ৰাৱণে সীতাক হৰণ কৰি আনোতে বাধা প্ৰদান কৰি প্ৰাণ হেৰুওৱা জঁটায়ুৰ ভ্ৰাতৃ। মধ্যপ্রদেশৰ দেৱৰাজনগৰ গাঁৱত অৱস্থিত গৃদ্ধৰাজ পর্বত ভাৰতীয় ধর্মীয়, প্রত্ন-তাত্ত্বিক আৰু পাৰিৱেশিক গুৰুত্ব সম্পন্ন পর্বত ।

গৃদ্ধৰাজ পর্বতৰ অর্থ হ’ল শগুন ৰজাৰ পর্বত। হিন্দু পুৰাকথা অনুসৰি এই পর্বততে গৃদ্ধৰাজ জটায়ুৰ ভ্রাতৃ সম্পাতিৰ জন্ম হৈছিল। একেদৰে বিহাৰত গৃদ্ধকুট নামৰ এখন পাহাৰ আছে । গৃদ্ধকূটৰ অর্থ হৈছে শগুনৰ পাহাৰ। হিন্দু ৰূপকথাত শকুনি (শগুন)ক দেৱীমাতৃ হিচাপে গণ্য কৰা হয়। শকুনি দেখিবলৈ ৰূপৱতী নাছিল বুলি বিশ্বাস কৰা হয়।


আমাৰ দেশত সাধাৰণতে ৬০ৰ দশকৰফালে অগনন শগুনে বসবাস কৰিছিল। ৰজা শগুন, বগাপিঠীয়া শগুন, বৰ শগুন আদিয়ে ভৰি আছিল আমাৰ গাঁওবোৰৰ চৌপাশ। সাধাৰণতে শগুনবোৰে জাকপাতি থাকে যদিও ৰজা শগুনে জাকৰ পৰিৱৰ্তে প্ৰায়ে অকলশৰে বা অন্য প্ৰজাতিৰ শগুনৰ সৈতেহে থকা দেখা যায়। পুৰণি দিনত ৰজা শগুনৰ লগত জাক জাক পাতি থকা অন্য প্ৰজাতিৰ শগুনে মৰাশৰ কাষত জুম বান্ধি থকা দৃশ্য তেনেই সুলভ আছিল। কিন্তু আজিকালি তেনে দৃশ্যটো বাদেই একেলগে ৪-৫ টা শগুন দেখাটোও দুৰ্লভ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে পুৱাৰ বাতৰি কাকত মেলিলেই আমাৰ চকুৰ সন্মুখত ভাঁহি আহে শগুনৰ মৃত্যুৰ দুৰ্ভাগ্যজনক বাতৰি।


তদুপৰি, শগুন দুৰ্লভ হোৱাৰ আনকেইটামান কাৰণ সম্পৰ্কে আমাৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰা সিদ্ধান্তত উপনীত হ’ব পাৰোঁ এনেদৰে-
১। বাসস্থানৰ অভাৱ
২। মানুহৰ মাজত বৰ্তি থকা অন্ধবিশ্বাস
৩। খাদ্যৰ অভাৱ
৪। অত্যধিক বিদ্যুৎ চুম্বকীয় তৰংগৰ বিকিৰণ।
অন্ধবিশ্বাস আৰু বাসস্থানৰ অভাৱৰ কাৰণসমূহৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোহঁক। অন্যান্য কাৰণ সমূহ আলোচনাৰ পূৰ্বে আমি আলোচনা কৰিব খুজিছো বিংশ শতিকাৰ সবাতোকৈ দুৰ্ভাগ্যজনক শগুন মৃত্যুৰ ঘটনাটো।

ছয়গাঁৱৰ মিলনপুৰত ১৭ মাৰ্চ,২০২২ তাৰিখে সংঘটিত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনাটো। ১২৪ টাকৈ শগুণে বিষাক্ত বিহ কাৰ্ব’ফুৰাণ খোৱাৰ বাবে মৃত্যু মুখত পৰে। কাৰ্ব’ফুৰাণ ইমানে ভয়ানক যে ইয়াৰ চাহচামুচৰ এক চতুৰ্থাংশই একমিনিটত এটা ৪০০ পাউণ্ডৰ ভালুকৰ জীৱন কাঢ়ি ল’ব পাৰে। ২০০৯ চনত কাৰ্ব’ফুৰাণক সংযুক্ত ৰাষ্ট্ৰই অবৈধ ঘোষণা কৰিছিল যদিও ই আজিও নাইকীয়া হৈ যোৱা নাই।

এতিয়াও ইয়াক বহু দেশত পোক-পতংগৰ পৰা শস্য ৰক্ষাৰ বাবে বিক্ৰী কৰা হয় যদিও ইয়াৰ অধিক ব্যৱহাৰ কৰা হয় অবৈধভাৱে পক্ষী নিধনৰ বাবে। ইয়াৰ পূৰ্বে কেনিয়াত প্ৰায় ১৯০ টা শগুণ, মেৰীলেণ্ডত ১৪ টা ঈগলৰ প্ৰাণ একেলগে কাৰ্ব’ফুৰাণে কাঢ়ি নিয়াৰ তথ্য পোৱা যায়।


শগুণৰ জনসংখ্যাৰ দ্ৰুত হ্ৰাস আৰু বিলুপ্তিৰ কাৰণ প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ কেওলোডেও ঘানা ৰাষ্ট্ৰীয় উদ্যানত ১৯৮০ চনৰ মধ্যভাগৰ পৰা ১৯৯০ চনৰ মধ্যভাগলৈকে জৰীপ চলায় লিপিবদ্ধ কৰা হৈছিল।
আমি প্ৰত্যক্ষ কৰিছোঁ যে, যোৱা সময়খিনিত বিষক্ৰিয়া বা অন্যান্য কাৰণত সবাতোকৈ বেছি মৃত্যুৰ সন্মুখী হৈছে শীতকালীন পৰভ্ৰমী শগন বৰ শগুন বা হিমালয়ান গ্ৰীফন। ইয়াৰ পাছতে বিষক্ৰিয়াৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত থাকিব বগা পিঠীয়া শগুন।


শেহতীয়াকৈ ঘটা শগুণৰ মৃত্যুৰ অন্যতম কাৰণটো অন্য ৰাজ্যত দেখা নাযায় যদিও আমাৰ ৰাজ্যত মানুহৰ মুর্খামিৰ বাবে বাৰে বাৰে এনে ঘটনা ঘটা দেখা গৈছে। ঘটনাটো অন্যধৰণৰ, অসমৰ সকলো ঠাইৰ বাটে ঘাটে বহু গৃহস্থ নোহোৱা কুকুৰ দেখিবলৈ পোৱা যায়। পোৱালি অবস্থাত লোদোৰপোদোৰ ধুনীয়া দেখি আলহ উদহ কৰি আদৰি অনা মাইকী কুকুৰৰ পোৱালিটো মাক হৈ পোৱালি জগোৱাৰ পাছত গৃহস্থৰ এলাগী হৈ বাটৰ অতিথি হব লগা হয়।

পেটৰ ভোকৰ তাড়নাত বহুদিন মাংস খাবলৈ নাপালে গৃহস্থৰ পোহনীয়া জন্তুত মুখ দিবলৈ ধৰে। এই গৃহস্থ নোহোৱা কুকুৰবোৰে সাধাৰণতে মুকলি পথাৰত ছাগলী, সৰু গৰু পোৱালি মাৰি ভক্ষণ কৰে। গৃহস্থই হিতাহিত জ্ঞান হেৰুৱাই কুকুৰ মাৰিবলৈ মৃত জন্তুত মাৰাত্মক ফুৰাডন, কাৰ্ব ফুৰাণজাতীয় বিহ দি কুকুৰে খাই মৰিবলৈ মুকলি পথাৰত পেলাই থয়।

এইসকল গৃহস্থৰ মগজুত এইটোও নেখেলাই যে কুকুৰৰ ঘ্রাণ শক্তি প্রবল, সিহতে কেতিয়াও বিহ দিয়া মাংস খাবলৈ নাহে। কিন্তু চৰাইৰ ঘ্রাণ লব পৰা শক্তি নাই। ফলত মুকলি পথাৰত পেলাই থোৱা বিহ দিয়া খাদ্য শগুণে ভক্ষন কৰি মৃত্যু মুখত পৰে। এনে ঘটনা অসমৰ বিভিন্ন ঠাইত বাৰে বাৰে ঘটি থকা দেখা গৈছে। ছয়গাঁৱৰ ঘটনাটো একেধৰণৰে পুনৰাবৃত্তি ঘটিছে। তদুপৰি মাংসৰ দোকানবোৰৰ কাষত থকা পদপথৰ কুকুৰবোৰে হাড়-মাংস আদিৰ সোৱাদ পাই হিংস্র হৈ উঠে।


এতিয়া আৰু এইবোৰ সাধাৰণ ঘটনা হৈ থকা নাই। প্রায় নিঃশেষ হৈ যাবলৈ লৈছে শগুনবোৰ। শগুনৰ এনে হত্যাযজ্ঞৰ সৈতে জড়িত সকলৰ ওপৰত ন্যায়িক তদন্ত কৰাৰ লগতে সজাগতা অনুষ্ঠান আয়োজন কৰাৰ উপৰিও কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত। অন্যথা সেই একে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি হৈ থাকিব আৰু মানুহে ভাবি থাকিব শগুনহে মৰিছে, আমাৰনো কি যায়।


সংকটৰ গৰাহত পৰা এই জীৱবিধৰ সুৰক্ষা আৰু সজাগতাৰ উদ্দেশ্যে প্রতি বছৰৰ ছেপ্তেম্বৰ মাহৰ প্ৰথমটো শনিবাৰে বিশ্বজুৰি আন্তর্জাতিক শগুন সজাগতা দিবস (International Vulture Awareness Day) পালন কৰি অহা হৈছে। ২০০৯ চনৰ ছেপ্তেম্বৰ মাহত পোনপ্রথমে দক্ষিণ আফ্রিকা আৰু ব্রিটেইনত এই দিৱস পালন কৰা হৈছিল।


গতিকে, দেখা গ’ল যে, পুৰণি দিনৰে পৰা শগুন আৰু মানুহৰ আত্মিক সম্পর্ক তথা পৰিৱেশৰ সৈতে ইতিবাচক তথা সুদৃঢ় সম্পর্ক আছিল। অথচ, মানুহৰ অদূৰদর্শিতা আৰু বাসস্থান আৰু খাদ্যৰ অভাৱত মানুহৰ বন্ধুস্বৰূপ এই চৰাইবিধ হেৰাই যোৱাৰ উপক্রম হৈছে। ইমানৰ পাছতো মানুহৰ অবিবেচক কাণ্ডৰ বাবে শগুন হত্যা হৈয়ে আছে।

আহক, প্ৰকৃতিৰ জমাদাৰ শগুন চৰাইবিধ সংৰক্ষণৰ উদ্যোগ লও আৰু আনকো সজাগ কৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!