অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়া

আন্তঃজিলা জুডোত শ্ৰেষ্ঠ জিলা বিশ্বনাথ, দ্বিতীয়ত তিনিচুকীয়া

Spread the love

গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ বিশ্বনাথ জিলাই ১২টা সোণ আৰু ৬টা ৰূপৰ পদক সহ সৰ্বাধিক ১৮টা পদক অৰ্জনেৰে ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিছে।

আজি গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশ ভক্ত তৰুনৰাম ফুকন ইনড”ৰ স্টেডিয়ামত সফলতাৰে সামৰণি পৰা প্ৰতিযোগিতাখনত মাথো তিনিটা ৰূপৰ পদকৰ ব্যৱধানত তিনিচুকীয়া জিলাই (১২টা সোণ আৰু ৩টা ৰূপ) দ্বিতীয় শ্ৰেষ্ঠ দল ৰূপে অভিযান সামৰে।

‘প্ৰেৰণা দ্যা মিছন’ৰ সহযোগত সদৌ অসম জুডো সন্থাই আয়োজন কৰা শীৰ্ষ ৰাজ্যিক প্রতিযোগিতাখন ২১খন জিলাৰ প্ৰায় চাৰে তিনিশতাধিক জুডোকাই অংশগ্ৰহন কৰে।

ল’ৰা-ছোৱালীৰ ছাব জুনিয়ৰ, জুনিয়ৰ,কেডেট আৰু চিনিয়ৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাৰ লগতে ৮ বছৰৰ পৰা ১২ বছৰলৈ মিনি চাৱ জুনিয়ৰ শাখাৰ প্ৰতিযোগিতাও অন্তভুক্ত কৰা প্ৰতিযোগিতাখনৰ সামৰণি অনুস্থানত পদ্মশ্ৰী ড° ৰবি বস্তিয়া, ক্ৰীড়া ভাৰতী,অসমৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ মহান্তি, আয়োজক সমিতিৰ সভাপতি,তথা অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ, কাৰ্যকৰী সভাপতি বাণী ব্ৰত দাস, উপদেষ্টা পৰাগ বৰ্মন আদি উপস্থিত থাকি ট্ৰফী সমূহ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!