আজি অসম আহি পাবহি সূৰ্য কণ্ঠ জুবিন গাৰ্গৰ নশ্বৰ দেহ
শিল্পীগৰাকীৰ চূড়ান্ত যাত্ৰাৰ বাবে সাজু ৰাজ্য চৰকাৰ
দেওবাৰে পুৱা ৬–৭ বজাৰ ভিতৰত জুবিনৰ মৃতদেহ গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছেঃ মুখ্যমন্ত্ৰী
জুবিনৰ মৃত্যুৰ তদন্তত সামৰি লোৱা হ’ব শামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকঃ মুখ্যমন্ত্ৰী
ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল থাকিব বন্ধ
মৃতদেহ নিয়া হ’ব শিল্পীগৰাকীৰ কাহিলীপাৰা বাসগৃহলৈ
গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ দেওবাৰে অসম আহি পাবহি সূৰ্য কণ্ঠ জুবিন গাৰ্গৰ নশ্বৰ দেহ। ইতিমধ্যে ইয়াৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

অসম চৰকাৰে সংগীতৰ কিংবদন্তি জুবিন গাৰ্গক চূড়ান্ত বিদায় দিয়াৰ সকলো ব্যৱস্থাই কৰিছে। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ঘটনাৰ তদন্তত সাংস্কৃতিক কৰ্মী শামকানু মহন্ত আৰু জুবিনৰ দীৰ্ঘদিনীয়া মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক সামৰি লোৱা হ’ব।
তেওঁ আশ্বাস দিয়ে যে শিল্পীগৰাকীৰ অকাল মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ যথাযথ আইনী পদ্ধতি অনুসৰণ কৰা হ’ব।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰত সম্পন্ন কৰা হৈছে আৰু ভাৰতীয় উচ্চায়ুক্তই মৃতদেহ জিম্মাত লৈছে।
মুখ্যমন্ত্ৰীৰ মতে, দেওবাৰে পুৱা ৬–৭ বজাৰ ভিতৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
শনিবাৰে গভীৰ নিশা নতুন দিল্লীত অৱতৰণ কৰাৰ পিছতে শিল্পীগৰাকীৰ নশ্বৰ দেহ কঢ়িয়াই আন এখন বিমানে অসমলৈ উৰা মাৰিব পাৰে।
গুৱাহাটীত উপস্থিত হোৱাৰ পিছত মৃতদেহ জুবিনৰ কাহিলীপাৰা বাসগৃহলৈ লৈ যোৱা হ’ব, য’ত তেওঁৰ পৰিয়ালে শেযবাৰৰ বাবে তেওঁক বিদায় জনোৱাৰ সময় পাব।
পিছত মৃতদেহ সৰুসজাইলৈ নিয়া হ’ব, য’ত জনসাধাৰণে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হৈছে। শোকসন্তপ্ত লোকসকলৰ সুকলমে প্ৰৱেশ সুনিশ্চিত কৰাৰ বাবে সৰুসজাই হেলিপেড খোলা ৰখা হ’ব।” শান্তি শৃংখলা বজাই ৰাখিবলৈ কৰ্তৃপক্ষই ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল কৰা বন্ধ ৰখা হ’ব।
এক কথাত আজি সকলো ম্ৰিয়মান। কাকো কোনেও সান্ত্বনা দিব পৰা নাই। সকলোৰে মুখত আজি বেদনাৰ চিন। সকলো অপেক্ষাত আছে কেতিয়া আহিব মৰমৰ শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ। শেষ শ্ৰদ্ধা নিবেদনৰ বাবে সকলোৱে অপেক্ষাৰত হৈ আছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ আহিছে হাজাৰ হাজাৰ জুবিনপ্ৰেমী। মুখ্যমন্ত্রীয়ে জনোৱা মতে আজি নিশা নাইবা কাইলৈ পুৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হ’ব। ছিংগাপুৰৰ পৰা আজি নিশাৰ ভাগত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীলৈ অনা হ’ব। তাৰ পিছত বিশেষ বিমান যোগে গুৱাহাটীলৈ অনা হ’ব।
শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ প্ৰথমে তেওঁৰ বাসগৃহলৈ নিয়া হ’ব য’ত পৰিয়ালৰ লোকে শেষশ্ৰদ্ধা নিবেদন কৰি কিছু নিবিড় মুহূৰ্ত কটাব। তাৰ পাছত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাইত ৰখা হ’ব য’ত ৰাইজে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শেষশ্ৰদ্ধা নিবেদন কৰিব।
ইফালে, দিল্লীৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ অনাৰ বাবে দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
উল্লেখ্য যে ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ। ২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল; কিন্তু শুকুৰবাৰে ছিংগাপুৰ সাগৰত সাঁতুৰিবলৈ গৈ শিল্পীগৰাকী হঠাতে অসুস্থ হৈ পৰে।
লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিল্পীগৰাকীৰ প্ৰাণৰক্ষা কৰিব নোৱাৰিলে।
অতি আদৰৰ-মৰমৰ শিল্পীগৰাকীক অকস্মাতে হেৰুৱাই মৰ্মাহত হৈ পৰিছে প্ৰতিগৰাকী গুণমুগ্ধ।