অসম অলিম্পিক সন্থাৰ দ্বাৰা ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ যশস্বী ক্ৰীড়াবিদসকলক ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বঁটা প্ৰদান কৰে
মনু ভাকেৰ, সুনীল ছেত্ৰী, লাভলীনা বৰগোহাঁই, বেদব্ৰত ভৰালী, দীপাংকৰ ভট্টাচাৰ্য, প্ৰিয়ানুজ ভট্টাচাৰ্যক বিভিন্ন শিতানৰ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হয়
DD TIMES গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ অসম অলিম্পিক সন্থাই আজি এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান জনাই ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ শুভাৰম্ভ কৰে। এই প্ৰথম বঁটা সমাৰোহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি এই বঁটাসমূহ প্ৰদান কৰে।

অৰ্জুন বঁটা সন্মানেৰে বিভূষিত প্ৰথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ সন্মানত এই বঁটা প্ৰতি বছৰে ছয়টা শিতানত প্ৰদান কৰা হ’ব- ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, ভাৰতৰ উদীয়মান খেলুৱৈ আৰু জীৱনজোৰা সাফল্যৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু উক্ত তিনি শিতানৰ অসম পৰ্যায়ৰ বঁটা।

“ভোগেশ্বৰ বৰুৱাৰ দৰে এগৰাকী কিংবদন্তি খেলুৱৈৰ সন্মানাৰ্থে এই বঁটা প্ৰতিষ্ঠাৰ জৰিয়তে আমি অতীতক সন্মান জনোৱাৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাক উৎসাহিত কৰিছোঁ।”, কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আজি এইদৰে কয়।

ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰি অসমৰ প্ৰথম অৰ্জুন বঁটা সন্মানেৰে বিভূষিত ক্ৰীড়াবিদ হিচাপে পৰিচিতি লাভ কৰে। তেখেতে নিজৰ কেৰিয়াৰত ভাৰতীয় সেনাতো সেৱা আগবঢ়াইছিল।
২০২৫ চনৰ প্ৰথম ভোগেশ্বৰ বৰুৱা বঁটা বিজয়ীসকল:
- শ্ৰেষ্ঠ ক্ৰীড়াবিদ (ৰাষ্ট্ৰীয় পৰ্যায়ত): মনু ভাকেৰ, অলিম্পিক পদক বিজয়ী (শ্বুটিং)
- জীৱনজোৰা সাধনা বঁটা (ৰাষ্ট্ৰীয় পৰ্যায়ত): সুনীল ছেত্ৰী, ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক
- উদীয়মান খেলুৱৈ (ৰাষ্ট্ৰীয় পৰ্যায়ত): বেদব্ৰত ভৰালী, এথলেটিক্স
- শ্ৰেষ্ঠ ক্ৰীড়াবিদ (অসম পৰ্যায়ত): লাভলীনা বৰগোহাঁই, অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী (বক্সিং)
- জীৱনজোৰা সাধনা বঁটা (অসম পৰ্যায়ত): দীপাংকৰ ভট্টাচাৰ্য, বেডমিণ্টন, প্ৰাক্তন অলিম্পিয়ান
- উদীয়মান খেলুৱৈ (অসম পৰ্যায়ত): প্ৰিয়ানুজ ভট্টাচাৰ্য, সাঁতোৰ
ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ অংশ হিচাপে বিশেষ স্বীকৃতি বঁটা প্ৰেমধৰ শৰ্মা, স্বাধীন ডেকা ৰজা, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, জুৱেল বে’, জয়দীপ দাস, প্ৰদীপ ব্ৰহ্ম, ৰিম্পী বুঢ়াগোহাঁই, ছৈয়দ এছকে আলম, প্ৰয়াত বাবুল ফুকন আৰু ৰাকেশ বণিকক প্ৰদান কৰা হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয়, “এই বঁটাৰ শুভাৰম্ভ অসমৰ ক্ৰীড়া জগতৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। ভোগেশ্বৰ বৰুৱা অসমৰ খেল জগতৰ এগৰাকী পথ-প্ৰদৰ্শক আছিল, যিয়ে প্ৰমাণ কৰিছিল যে দৃঢ়তা আৰু শৃংখলাৰ দ্বাৰা অসমৰ প্ৰতিভাই বিশ্ব মঞ্চত স্থান লাভ কৰিব পাৰে। আজি লাভলীনা, হিমা, অংকুশিতা আৰু বহুতে সেই উত্তৰাধিকাৰক আগুৱাই নিছে। ৰাজ্য চৰকাৰ হিচাপে আমি ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ, ক্ৰীড়া অনুষ্ঠানৰ আয়োজন আৰু প্ৰতিটো স্তৰত যুৱ প্ৰতিভাক সমৰ্থনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম যুৱ অলিম্পিক, বিভিন্ন শাখাত ক্ৰীড়া একাডেমীৰ প্ৰতিষ্ঠা আৰু যুৱ ক্ৰীড়াবিদসকলৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। “আমাৰ চৰকাৰৰ দৃঢ় বিশ্বাস যে ক্ৰীড়াই জীৱন সলনি কৰিব পাৰে। সেইবাবে আমি জিলাসমূহত গ্ৰাম্য আন্তঃগাঁথনি গঢ়ি তুলিছোঁ, গাঁৱৰ আৰু নগৰৰ যুৱক-যুৱতীৰ বাবে সুযোগ সৃষ্টি কৰিছোঁ। এই প্ৰচেষ্টাৰ জৰিয়তে আমি অসমক ভাৰতৰ ক্ৰীড়াৰ সাফল্যৰ মানচিত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰোঁ,” তেখেতে কয়।
পূৰ্বৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমক দেশৰ অন্যতম ক্ৰীড়া প্ৰাণকেন্দ্ৰ হিচাপে অভিহিত কৰি ইয়াৰ প্ৰগতিৰ কথা উল্লেখ কৰে।
“আহক, আমি আটায়ে ভূপেনদাৰ কালজয়ী গীত ‘এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ’ৰ দ্বাৰা উদ্বুদ্ধ হৈ ক্ৰীড়াক্ষেত্ৰত ন উদ্যমেৰে আগবঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ। ক্ৰীড়াক্ষেত্ৰই এগৰাকী ব্যক্তিক সুস্বাস্থ্যৰ অধিকাৰী কৰাৰ লগতে সুস্থ মানসিকতাৰো গঢ় দিয়ে আৰু এটি সুন্দৰ ব্যক্তিত্ব গঢ়াত সহায় কৰে। আমাৰ ক্ৰীড়াক্ষেত্ৰতো প্ৰচুৰ সম্ভাৱনা আৰু সম্পদ লুকাই আছে। আমি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ পৰা এই সম্পদ, সম্ভাৱনাসমূহ আৱিষ্কাৰ কৰি আগবঢ়াৰ প্ৰয়াস কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ক্ৰীড়াক্ষেত্ৰক গতিশীল কৰাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। তাৰ ভিতৰত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি উল্লেখযোগ্য। এই আঁচনিৰ জৰিয়তে খেলুৱৈসকলক আৰ্থিক সহায়ৰ লগতে অন্যান্য সা-সুবিধা প্ৰদান কৰা হৈছে। ফলত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে কৈছে, ‘খেলোগে তো খিলোগে।’ অৰ্থাৎ খেলজগতত নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰিলে আমি সফলতাৰ পথত আগবাঢ়িব পাৰিম। খেলে আমাৰ জীৱনত আনন্দৰ সৃষ্টি কৰে। জীৱনক প্ৰেৰণাময় কৰি তোলে।”, সোণোৱালে উল্লেখ কৰে।
সোণোৱালে লগতে কয়, “আজি ৰাজ্যিক ক্ৰীড়া দিৱসৰ দিনা আমি অসমক দেশৰ ক্ৰীড়াক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। ছাফ গেমছৰ সময়ত গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰ ফলত হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে বিশ্বমানৰ খেলুৱৈ আমি পাইছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অসমৰ আগশাৰীৰ খেলুৱৈসকলে ইতিমধ্যে অসমৰ নাম বিশ্বত জনপ্ৰিয় কৰিছে। তেখেতসকলৰ সুস্বাস্থ্য আমাৰ সদায় কাম্য। আজি ইয়াত ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছে। তোমালোকক অনুৰোধ কৰি কৈছোঁ, তোমালোকে অধ্যয়নৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো মনোযোগ দিয়া। আমাৰ জীৱনৰ তিনিখন পথাৰত যদি আমি একাগ্ৰতা, শৃংখলাবদ্ধতা আৰু নিয়মানুৱৰ্তিতা দেখুৱাবলৈ সক্ষম হওঁ, তেন্তে আমাৰ সমাজখন বিশ্বৰ শ্ৰেষ্ঠ সমাজত পৰিণত হোৱাত কোনেও বাধা দিব নোৱাৰে। এই তিনিখন পথাৰ হৈছে শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া।”
“ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ প্ৰতিগৰাকী অসমীয়া আৰু প্ৰতিগৰাকী ভাৰতীয় ক্ৰীড়াবিদৰ বাবে প্ৰেৰণাৰ উৎস হওক। তেওঁলোকে যাতে ডাঙৰ সপোন দেখে, কঠোৰ পৰিশ্ৰম কৰে আৰু আমাৰ ৰাষ্ট্ৰক গৌৰৱান্বিত কৰে, তাৰেই কামনা কৰিলোঁ”, সোণোৱালে কয়।
অনুষ্ঠানত অসমৰ খেল মন্ত্ৰী নন্দিতা গাৰ্লোছা, অৰ্জুন মনালিছা বৰুৱা মেহতা, হিমা দাস, কমলেশ মেহতা, তৈয়বুন্নিছা, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়া, বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।