অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

‘অসমীয়া মানুহৰ বাবে মাত মাতি জেললৈ যাবলৈ কুণ্ঠাবোধ নকৰে মন্ত্ৰী পিযুজ হাজৰিকাই’

Spread the love

ওৰাঙত পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিপক মৌৰৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পিযুষ হাজৰিকা


DD TIMES ওদালগুৰি, ১৯ ছেপ্টম্বৰঃ অসমীয়া মানুহৰ বাবে মাত মাতি জেললৈ যাবলৈও কুণ্ঠাবোধ নকৰে মন্ত্রী পীযুষ হাজৰিকাই৷ অসমীয়া খিলঞ্জীয়া মানুহৰ স্বার্থত কোনোধৰণৰ কম্প্রমাইজ নকৰে মন্ত্রীগৰাকীয়ে৷

কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধী আখ্যা বৃহস্পতিবাৰে ওৰাঙত এনদৰে মন্তব্য আগবঢ়ায় মন্ত্রী হাজৰিকাই৷ মন্ত্ৰীগৰাকীৰ অভিযোগ অনুসৰি কংগ্রেছে BTR নির্বাচনত প্রচাৰ চলাইছে কেৱল সংখ্যালঘু এলেকাত৷

কংগ্রেছৰ সভাত মিঞা ডাঞ্চক লৈ এনেদৰে কটাক্ষ নেতাজনৰ৷ (মিঞা ডাঞ্চৰ ভিজুৱেল আগতে দিয়া আছে)৷ খিলঞ্জীয়া বসতি স্থানত জেগা নাই গৌৰৱ গগৈৰ৷ সংখ্যালঘু স্থানতাহে সমর্থন পায় গৌৰৱ গগৈয়ে৷

অকনমান হলেও খিলঞ্জীয়া লোকৰ কথা ভাবিবলৈ গৌৰৱ গগৈক আহ্বান পিযুষ হাজৰিকাৰ৷

আনহাতে, ধনশ্রী পৰিষদীয় সমষ্টিৰ গৌৰৱ গগৈৰ নির্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত মিঞা ডেঞ্চৰ পাছতেই চৌদিশে প্রতিক্রিয়া সৃষ্টি হোৱাত মন্তব্য কৰি মন্ত্রী হাজৰিকাই কয় যে, খিলঞ্জীয়া বিৰোধী এনে বীজতৰীয়া সংস্কৃতি অসমত কংগ্রেছে আনিছে৷

তাৰ বিৰুদ্ধে মাত মাতিলে মোক জেললৈ পথালেও মই ৰাজি বুলি মন্তব্য নেতাজনৰ৷ ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টিৰ অধীনস্থ ৩৯নং পাচনৈ চেৰফাং সমষ্টিৰ ওৰাঙত প্রার্থী দিপক মৌৰৰ হৈ প্রচাৰ চলাই এই মন্তব্য মন্ত্রী পিযুষ হাজৰিকাৰ ৷

সভাত মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী, এমচিএলএ দীপক মমৌৰ,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীবন ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান, ওদালগুৰি জিলা অবিচি মৰ্চাৰ সভাপতি দিব্যজ্যোতি শইকীয়া আদিৰ লগতে সহশ্ৰাধিকৰো অধিক ভোটাৰ সকল উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!