ASSAMESE: অসমীয়া কথাছবি আৰু ধাৰাবাহিকৰ কেমেৰামেন ধীৰেন কলিতাৰ মৃত্যু
অসমীয়া কথাছবি আৰু ধাৰাবাহিকৰ কেমেৰামেন ধীৰেন কলিতাৰ মৃত্যু
DD TIMES গুৱাহাটী, ২ অক্টোবৰঃ ৰঙিয়াৰ গুৰকুছি গাঁৱৰ বাসিন্দা তথা অসমীয়া কথাছবি আৰু ধাৰাবাহিক বোৰৰ কেমেৰা মেন ধীৰেন কলিতাৰ ৰবিবাৰে নিশা ১২:১০ বজাত নিজ বাস গৃহতে মৃত্যু হয়।

ধীৰেন কলিতাই কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল।
ধীৰেন কলিতাই অসমীয়া বহুকেইখন কথাছবি আৰু ধাৰাবাহিকত ১৯৮৬ চনৰ পৰা লাইট মেন হিচাপে কামকৰি ১৯৯৭ চনত কেমেৰা মেন হিচাপে সাংস্কৃতিক জগতখনত কাম কৰে।

ৰঙিয়াৰ বিশিষ্ট প্ৰযোজক তথা পৰিচালক ৰবিন দাসে মাহিন্দ্ৰী চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত তথা ৰবিন দাসৰ পৰিচালিত ধাৰাবাহিক “হেঁপাহৰ ঘৰ”, মুক্তি, অবাঞ্চিত ধুমুহা, সংঘৰ্ষ (হিন্দী), সুৰাগ (হিন্দী), ইছলাম মাষ্টাৰ, মৰমৰ ঘৰ, জীৱন নৈৰ ধৌ, দেউতাৰ সপোন, মন-বিসৰ্জন, প্ৰতিক্ষা, খিৰিকী মুখৰ আলহী, নবৌ, বৌৱাৰী, সপোন, দুখন হৃদয় এখন নদী, অনুভৱ,

শ্ৰীমন্ত শংকৰদেৱ, মচজিদত পূজাৰ ফুল, মাহিন্দ্ৰী ডেন্স মষ্টি, নৰ্থ ইষ্ট চুপাৰ টেলেণ্ট, দীপামনি (ভিচডী), তুমি হবা কইনা মোৰ (ভিচিডি), মোহময়ী বৰাক, মহিলা শিক্ষা এক অভিযান,পোহৰ, ব্ৰিফকেচ, অপেক্ষা, নিশাৰ আলহী, ঘৰ সংসাৰ, প্ৰেম ভড়া চকুলো (কথাছবি),

অজানিতে, মনৰ সপোন বহু আশা, চুনী বড়ো (কথাছবি), ধৰ্ম পত্নী, আদিকে ধৰি গুৱাহাটী দূৰদৰ্শনত,তুৰা দূৰদৰ্শনত, ডিব্ৰুগড় দূৰদৰ্শনত আৰু শিলচৰ দূৰদৰ্শনত প্ৰচাৰিত ৰবিন দাসৰ পৰিচালিত প্ৰায় ৪৭০টা খণ্ড ধীৰেন কলিতাই কেমেৰা মেন হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও তেওঁ অন্যান্য পৰিচালক সকলৰ লগতো কাম কৰি আহিছে।

ধীৰেন কলিতাৰ মৃত্যুৰ সময়ত পত্নী, দুজনী জীয়ৰী,নাতী-নাতীনি লগতে অনেক গুণমুগ্ধ ইহ সংসাৰত এৰি থৈ যায়। কলিতাৰ মৃত্যুত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ ভূৱনেশ্বৰ কলিতা, সাংবাদিক পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰযোজক-পৰিচালক ৰবিন দাসৰ লগতে বিভিন্ন জনে শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।