অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

অনূৰ্ধ্ব-১৯ ছোৱালীৰ আন্তঃজিলা ক্ৰিকেটত লখিমপুৰ চেম্পিয়ন

Spread the love

গুৱাহাটী, ৮ ছেপ্টেম্বৰঃ মৰিগাঁৱৰ ক্ষীৰুদ বৰুৱা ষ্টেডিয়ামত দেওবাৰে হোৱা ফাইনেলত ডিব্ৰুগড়ক ৭৭ ৰানত হৰুৱাই উদ্বোধনী বৰ্ষৰ অনুৰ্ধ্ব ১৯ ছোৱালীৰ টি-২০ আন্তঃজিলা ক্ৰিকেটত লখিমপুৰ চেম্পিয়ন হৈছে৷

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি লখিমপুৰে ৮ উইকেটত ১৩১ ৰান কৰে । কাকু বৰ্মনে ২৯ বলত ২৮ ৰান আৰু পাৰুলমণি কামানে ৩৪ বলত ২৬ ৰান কৰে।

ডিব্ৰুগড়ৰহৈ টাছৱি পালাগিৰি (২/১৭) আৰু বিজয়া বৰাই (২/২০) দুটাকৈ উইকেট লাভ কৰে । প্ৰত্যুত্তৰত ডিব্ৰুগড় ৫৪ ৰানতে অল আউট হয় । লখিমপুৰৰ কাকু বৰ্মনে এক বিধ্বংসী স্পেলত মাত্ৰ ৪ ৰান দি ছটাকৈ উইকেটৰ পতন ঘটায় । তেওঁক সুন্দৰভাৱে সহযোগ আগবঢ়াই প্ৰিয়ংকা কলিতাই ৬ ৰান দি দুটা উইকেট লাভ কৰে৷

পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰাজদীপ ওজা, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা, এপেক্স কাউন্সিলৰ সদস্য মিনু বেগমকে ধৰি মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আদি উপস্থিত থাকে।

এচিএৰ উপ-সভাপতি ৰাজদীপ ওজাই কয়,— আন্তঃজিলা পৰ্যায়ত ছোৱালীৰ অনূৰ্ধ্ব-১৯ শাখাৰ এই প্ৰতিযোগিতাৰ আয়োজন ৰাজ্যত মহিলা ক্ৰিকেটৰ প্ৰসাৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে । উঠি অহা ক্ৰিকেটাৰসকলে দাঙি ধৰা উৎসাহজনক প্ৰদৰ্শন আৰু প্ৰতিভা সঁচা অৰ্থতেই প্ৰেৰণাদায়ক আৰু ই ৰাজ্যখনৰ ক্ৰীড়াৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ ।

সংক্ষিপ্ত স্ক’ৰঃ লখিমপুৰঃ ২০ অভাৰত ১৩১/৮ ( কাকু বৰ্মন ২৮, পাৰুলমণি কামান ২৬, হিৰোচিমা দিহিঙীয়া ১৪, প্ৰিয়ংকা কলিতা ১২; টাছৱী পালাগিৰি ২/১৭, বিজয়া বৰা ২/২০)৷


ডিব্ৰুগড়ঃ ১৬.২ অভাৰত ৫৪ ৰান ( গ্ৰিটিস্কা শইকীয়া ১৪, স্বস্তি বিশ্বকৰ্মা ১৪; কাকু বৰ্মন ৬/৪, প্ৰিয়ংকা কলিতা ২/৬)।

ব্যক্তিগত বঁটা বিজয়ীসকল : শ্ৰেষ্ঠ বেটাৰ : গ্ৰীটিস্কা শইকীয়া (ডিব্ৰুগড়), শ্ৰেষ্ঠ বলাৰ : সুখী সোণোৱাল (ডিব্ৰুগড়), প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ – জাগৃতি কলিতা (লখিমপুৰ) আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ কাকু বৰ্মন (লখিমপুৰ)।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!