অ’জনৰ বাবে এদিনঃ পৃথিৱীৰ ছাতিৰ প্ৰতি সচেতনতাৰ এক উজ্জ্বল পদক্ষেপ
ৰক্ষা কৰাৰ একমাত্ৰ অস্ত্রবিধেই হ’ল অ’জন স্তৰ। ই পৃথিৱীৰ এক অমূল্য ছাতি। ইয়াক সুৰক্ষিত কৰক আৰু নিজকে সুৰক্ষিত ৰাখকঃ মানস প্ৰতিম দত্ত
DD Times: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যুৱ আৰু পাৰিপাৰ্শ্বিক সংঘৰ উদ্যোগত আজি অ’জন উদযাপন কৰা হয়।

এই বিশেষ অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল অ’জন স্তৰৰ গুৰুত্ব আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সচেতনতা বৃদ্ধি কৰা।

বিদ্যালয়ৰ পাৰিপাৰ্শ্বিক সংঘৰ শিক্ষক তত্ত্বাৱধায়ক মানস প্ৰতিম দত্তই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত অ’জন স্তৰৰ ভূমিকা আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে।

বক্তৃতাত তেওঁ স্পষ্ট কৰি দিয়ে যে অ’জন স্তৰ পৃথিৱীৰ এক প্ৰাকৃতিক ঢাল, যিয়ে সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা আমাক সুৰক্ষিত কৰে।
এই স্তৰৰ ক্ষতিসাধনকাৰী ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰা আৰু পৰিৱেশ-বান্ধৱ জীৱনশৈলী গ্ৰহণৰ জৰিয়তে আমি সকলোৱে ইয়াৰ সংৰক্ষণত অৰিহণা যোগাব পাৰোঁ।

অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈয়ে। তেওঁ নিজৰ উদ্বোধনী ভাষণত পৰিৱেশৰ প্ৰতি দায়িত্বশীলতা সম্পৰ্কে আলোকপাত কৰে।
তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সচেতনতাৰ বীজ ৰোপণ কৰাটো শিক্ষা প্ৰতিষ্ঠানৰ এক অন্যতম দায়িত্ব। তেওঁৰ বক্তব্যই উপস্থিত সকলোকে পৰিৱেশৰ প্ৰতি সচেতন হৈ নিজৰ দৈনন্দিন জীৱনত সৰু সৰু পদক্ষেপ গ্ৰহণৰ প্ৰেৰণা যোগায়।
দিপমজ্যোতি বৰুৱা আৰু জিয়াৰুল আলিৰ সহযোগিতাৰে অনুষ্ঠানটো অতি সুশৃঙ্খলভাৱে সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটিত সক্ৰিয় অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশৰ প্ৰতি দায়বদ্ধতাৰ মনোভাৱ জাগ্ৰত কৰে।
অনুষ্ঠানটোত অংশগ্ৰহণকাৰীসকলে পৰিৱেশ সুৰক্ষাৰ বাবে সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ, যেনে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, শক্তি সঞ্চয় কৰা, আৰু পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। এই অনুষ্ঠানে কেৱল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নহয়, সমগ্ৰ সমাজৰ মাজত অ’জন স্তৰৰ সুৰক্ষাৰ গুৰুত্বৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ সক্ষম হয়।
এই উদযাপনৰ জৰিয়তে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। এনে কাৰ্যক্ৰমে ভৱিষ্যত প্ৰজন্মৰ মাজত পৰিৱেশৰ প্ৰতি দায়িত্ববোধ জাগ্ৰত কৰি এক সুস্থ সেউজ পৃথিৱী গঢ়ি তোলাৰ পথ মুকলি কৰিব।